Skip to content

বহুবিবাহ কৰা উচিতনে?

বহুবিবাহ কৰা উচিতনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 কিছু সময়ৰ বাবে, ঈশ্বৰে এজন পুৰুষক এগৰাকীতকৈ বেছি তিৰোতা বিবাহ কৰিবলৈ অনুমতি দিছিল। (আদিপুস্তক ৪:১৯; ১৬:১-৪; ২৯:১-৪) কিন্তু ঈশ্বৰে বহুবিবাহৰ আৰম্ভণি কৰা নাছিল। তেওঁ আদমৰ বাবে কেৱল এজনী পত্নীৰহে ব্যৱস্থা কৰিছিল।

 ঈশ্বৰে যীচু খ্ৰীষ্টৰ যোগেদি একবিবাহৰ বিষয়ে থকা তেওঁৰ আৰম্ভণিৰ মানদণ্ডক পুনৰ স্থাপন কৰে। (যোহন ৮:২৮) এবাৰ যেতিয়া বিবাহৰ বিষয়ে কোনোবাই যীচুক প্ৰশ্ন সুধিছিল, তেতিয়া তেওঁ এইদৰে উত্তৰ দিছিল: “সৃষ্টিকৰ্ত্তাই যে তেওঁলোকক আদিতে পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজিলে, আৰু এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ তিৰোতাত আসক্ত হৈ, দুয়ো এক-দেহ হব।”—মথি ১৯:৪, ৫.

 যীচুৰ এজন শিষ্যই পাছলৈ ঈশ্বৰৰ প্ৰেৰণাৰে এইদৰে লিখিছিল: “পতিজন পুৰুষৰ নিজা ভাৰ্য্যা হওক; আৰু প্ৰতিজনী তিৰোতাৰো নিজা স্বামী হওক।” (১ কৰিন্থীয়া ৭:২) ইয়াৰ উপৰিও বাইবেলে বৰ্ণনা কৰিছে যে যদি কোনো বিবাহিত ভাইক খ্ৰীষ্টান মণ্ডলীত বিশেষ দায়িত্ব দিয়া হয়, তেনেহʼলে তেওঁ “এজনী তিৰোতাৰ স্বামী” হোৱা উচিত।—১ তীমথিয় ৩:২, ১২.