Skip to content

ৰক্ত সঞ্চাৰণৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

ৰক্ত সঞ্চাৰণৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

তেজ খোৱাৰপৰা আঁতৰি থাকিবলৈ বাইবেলে আমাক আজ্ঞা দিছে। সেইবাবে, আমি তেজ বা ইয়াৰ মূল উপাদানসমূহ আহাৰ হিচাপে গ্ৰহণ কৰা অথবা সঞ্চাৰণ কৰা উচিত নহয়। নিম্নলিখিত বাইবেলৰ পদবোৰলৈ ধ্যান দিয়ক:

  • আদিপুস্তক ৯:৪. জলপ্লাৱনৰ পাছত ঈশ্বৰে নোহ আৰু তেওঁৰ পৰিয়ালক জীৱ-জন্তুৰ মাংস খাবলৈ অনুমতি দিছিল। কিন্তু তেওঁলোকক তাৰ তেজ খোৱাৰপৰা আঁতৰি থাকিবলৈ আজ্ঞা দিছিল। ঈশ্বৰে নোহক এইদৰে কৈছিল: “তোমালোকে মঙহ তাৰ প্ৰাণ অৰ্থাৎ তেজেৰে সৈতে নেখাবা।” আমি সকলোৱে নোহৰ সন্তান হোৱাৰ বাবে এই আজ্ঞা বৰ্তমান সময়তো আমাৰ সকলোৰে ওপৰত প্ৰযোজ্য।

  • লেবীয়া পুস্তক ১৭:১৪. “তোমালোকে কোনো প্ৰাণীৰ তেজ নাখাবা; কিয়নো প্ৰত্যেক প্ৰাণীৰ তেজেই তাৰ প্ৰাণ; যি কোনোৱে তাক খাব, তেওঁ উচ্ছন্ন হব।” তেজত প্ৰাণ বা জীৱন আছে বুলি ঈশ্বৰে গণ্য কৰে আৰু তেওঁৰ দৃষ্টিত ই পবিত্ৰ। যদিও এই আজ্ঞা ইস্ৰায়েলীসকলক দিয়া হৈছিল, কিন্তু তেজ খোৱাৰ বিষয়ে ঈশ্বৰৰ দৃষ্টিভংগী কি, তাৰ বিষয়ে এই আজ্ঞাৰ যোগেদি স্পষ্টৰূপে দেখিবলৈ পোৱা যায়।

  • পাঁচনিৰ কৰ্ম্ম ১৫:২০. ‘তেজ খোৱাৰপৰা পৃথকে থাকক।’ ঈশ্বৰে যিদৰে নোহক তেজৰপৰা পৃথকে থাকিবলৈ আজ্ঞা দিছিল, ঠিক সেইদৰে সত্য খ্ৰীষ্টানসকলকো সেই একে আজ্ঞা দিয়া হৈছে। ইতিহাসে প্ৰমাণ কৰে যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে তেজ খোৱা অথবা চিকিৎসাৰ বাবে ব্যৱহাৰ কৰাৰপৰাও বিৰত আছিল।

তেজ গ্ৰহণ কৰাৰপৰা বিৰত থাকিবলৈ ঈশ্বৰে কিয় আজ্ঞা দিছে?

চিকিৎসা বিজ্ঞানে প্ৰমাণ কৰে যে ৰক্ত সঞ্চাৰণ আমাৰ স্বাস্থ্যৰ বাবে বিপদজনক। ইয়াৰ উপৰিও ঈশ্বৰে তেজৰপৰা পৃথকে থকাৰ আজ্ঞা দিয়াৰ মূল কাৰণ হৈছে তেজ তেওঁৰ দৃষ্টিত পবিত্ৰ।—লেবীয়া পুস্তক ১৭:১১; কলচীয়া ১:২০.