Skip to content

যিহোৱাৰ সাক্ষীসকলে সৃষ্টিবাদৰ ওপৰত বিশ্বাস কৰেনে?

যিহোৱাৰ সাক্ষীসকলে সৃষ্টিবাদৰ ওপৰত বিশ্বাস কৰেনে?

 নকৰে। সৰ্ব্বশক্তিমান ঈশ্বৰে সকলোবোৰ সৃষ্টি কৰিছে বুলি যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে। কিন্তু আমি সৃষ্টিবাদৰ মতবাদৰ লগত সন্মত নহওঁ। কিয় বাৰু? কাৰণ সৃষ্টিবাদৰ বহুতো মতবাদ বাইবেলৰ লগত মিল নাই। তলত উল্লেখ কৰা দুটা উদাহৰণলৈ ধ্যান দিয়ক:

  1.  ১. সৃষ্টিৰ ছয়দিনৰ সময়সীমা। কিছুমান সৃষ্টিবাদীয়ে বিশ্বাস কৰে যে গোটেই সৃষ্টিৰ বাবে ছয়দিন সময় লাগিছিল আৰু এদিনৰ সময়কাল ২৪ ঘণ্টা আছিল। কিন্তু বাইবেলত ব্যৱহাৰ কৰা “দিন” শব্দটোৱে যথেষ্ট পৰিমাণৰ সময়ক চিত্ৰিত কৰে।​—আদিপুস্তক ২:৪; গীতমালা ৯০:৪.

  2.  ২. পৃথিৱীখন কিমান পুৰণি। কিছুমান সৃষ্টিবাদীয়ে শিক্ষা দিয়ে যে পৃথিৱীখন কেৱল কেইহাজাৰমান বছৰ পুৰণি। কিন্তু বাইবেলে বৰ্ণনা কৰে যে পৃথিৱী আৰু গোটেই সৌৰজগত ষষ্টম দিনৰ সৃষ্টিৰ আগৰেপৰা আছিল। (আদিপুস্তক ১:১) সেইবাবে, বৈজ্ঞানিকসকলে যেতিয়া বৰ্ণনা কৰে যে পৃথিৱীখন কোটি কোটি বছৰ পুৰণি, তেতিয়া যিহোৱাৰ সাক্ষীসকলৰ ইয়াত কʼবলগীয়া একো নাথাকে।

 এইটো সঁচা যে ঈশ্বৰে সকলোবোৰ সৃষ্টি কৰিছে বুলি আমি বিশ্বাস কৰোঁ, কিন্তু আমি বিজ্ঞানৰ বিৰোধী নহওঁ। সঁচা বিজ্ঞান আৰু বাইবেলৰ লগত মিল আছে বুলি আমি বিশ্বাস কৰোঁ।