Skip to content

যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?

যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?

 যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিলে আপুনি শিকিব পাৰিব যে বাইবেলত কি লিখা আছে। এইদৰে কৰিলে আপুনি:

  •   আনন্দেৰে জীৱন অতিবাহিত কৰিব পাৰিব

  •   ঈশ্বৰৰ লগত বন্ধুত্ব কৰিব পাৰিব

  •   বাইবেলত ভৱিষ্যৰ বিষয়ে কি লিখা আছে, সেই বিষয়ে জানিব পাৰিব

এই পেজত আপুনি তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ জানিব পাৰিব

 বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?

 যিহোৱাৰ এজন সাক্ষীয়ে আপোনাক বাইবেলৰ বিষয়ে শিকিবলৈ সহায় কৰিব। তেওঁ এটা এটা বিষয়ৰ ওপৰত বাইবেলৰ লগত জড়িত বিষয়বোৰ আপোনাৰ লগত আলোচনা কৰিব। দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ পৰা আপুনি বাইবেলত লিখা কথাবোৰ বুজিব পাৰিব আৰু ইয়াৰ পৰা আপোনাৰ কি লাভ হʼব, সেয়া জানিব পাৰিব। বেছিকৈ জানিবলৈ এই ভিডিঅʼখন চাওক।

 অধ্যয়ন কৰিবলৈ মই পইচা দিব লাগিব নে?

 নালাগে। আমি যীচুৱে কোৱা এই কথাষাৰ পালন কৰোঁ, “বিনামূল্যে তোমালোকে পালা, বিনামূল্যেই” দিয়া। (মথি ১০:৮) আমি লোকসকলক শিকাবলৈ টকা-পইচা নলওঁ। বাইবেল আৰু দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনো বিনামূল্য হয়। ইয়াৰ কাৰণে আপোনালোকক পইচা দিয়াৰ প্ৰয়োজন নাই।

 অধ্যয়ন কৰি শেষ কৰিবলৈ কিমান সময় লাগিব?

 এই কিতাপখনত ৬০ টা পাঠ আছে। এই কিতাপখন আপুনি অধ্যয়ন কৰি কেতিয়া শেষ কৰিব, এয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। বহুতো বিদ্যাৰ্থীয়ে এসপ্তাহত এটা বা তাতকৈ বেছি পাঠ অধ্যয়ন কৰে।

 অধ্যয়ন আৰম্ভ কৰিবলৈ কি কৰিব লাগিব?

  1.  ১. অনলাইন ফৰ্ম পূৰ কৰক। আপুনি এই ফৰ্মখনত নিজৰ বিষয়ে যি তথ্য দিব, সেয়া কেৱল আপোনাৰ লগত যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰা হʼব।

  2.  ২. যিহোৱাৰ এজন সাক্ষীয়ে আপোনাৰ লগত যোগাযোগ কৰিব। অধ্যয়ন কেনেকৈ কৰা হয়, তেওঁ আপোনাক বুজাব। যদি আপোনাৰ কিবা প্ৰশ্ন আছে, তেনেহʼলে তেওঁ তাৰ উত্তৰ দিব।

  3.  ৩. আপুনি তেওঁক কʼব পাৰে যে আপুনি কʼত আৰু কেতিয়া অধ্যয়ন কৰিব বিচাৰে। আপুনি ফোন, ভিডিঅʼ কʼল, চিঠি বা ইমেইলৰ যোগেদি অধ্যয়ন কৰিব পাৰে। বেছিভাগ লোকে এঘন্টালৈকে অধ্যয়ন কৰে। কিন্তু আপুনি নিজৰ সময় অনুসৰি কিমান সময়লৈকে অধ্যয়ন কৰিব পাৰে, তাৰ নিৰ্ণয় লʼব পাৰে।

 অলপ দিন মই অধ্যয়ন কৰি চাব পাৰোঁ নে?

 হয় পাৰে। এনে কৰিবলৈ অনলাইন ফৰ্মখন পূৰ কৰক। যেতিয়া যিহোৱাৰ সাক্ষীয়ে আপোনাৰ লগত যোগাযোগ কৰিব, তেতিয়া তেওঁক কওক আপুনি কেৱল অলপ দিন অধ্যয়ন কৰি চাব বিচাৰে, কিয়নো আপুনি চাব বিচাৰে যে আপোনাক অধ্যয়ন কৰি ভাল লাগিছে নে নাই? তেওঁ আপোনাৰ লগত দুখ-কষ্ট নথকা এক অনন্ত জীৱন! ব্ৰচাৰখনৰ পৰা অধ্যয়ন কৰিব, যʼত তিনিটা পাঠ আছে। তাৰ পাছত আপুনি চিন্তা কৰিব পাৰে যে আগলৈ অধ্যয়ন কৰিব নে নকৰে।

 যদি মই বাইবেল অধ্যয়ন কৰোঁ, তেনেহʼলে মই যিহোৱাৰ সাক্ষী হʼব লাগিব নে?

 নালাগে। যিহোৱাৰ সাক্ষীসকলে লোকসকলক বাইবেলৰ পৰা শিকাই বহুত ভাল পায়, কিন্তু আমি কেতিয়াও আনক যিহোৱাৰ সাক্ষী হʼবলৈ হেঁচা নিদিওঁ। আমি লোকসকলক বাইবেলত কি লিখা আছে, কেৱল সেয়া কওঁ, কিন্তু তেওঁলোকে সেয়া পালন কৰিব নে নকৰে, সেয়া তেওঁলোকৰ নিৰ্ণয় হয়। কোনো এটা কথাৰ ওপৰত বিশ্বাস কৰিব নে নকৰে, সেয়া নিৰ্ণয় লোৱাৰ প্ৰতিজন ব্যক্তিৰ অধিকাৰ আছে।—১ পিতৰ ৩:১৫.

 অধ্যয়ন কৰাৰ সময়ত মই নিজৰ বাইবেল পঢ়িব পাৰোঁ নে?

 হয়, আপুনি যিকোনো বাইবেল পঢ়িব পাৰে। যিহোৱাৰ সাক্ষীসকলে নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ বাইবেল পঢ়ি ভাল পায়, কিয়নো ইয়াৰ অনুবাদ সঠিক আৰু বুজিবলৈ সহজ হয়। কিন্তু আমি এয়াও জানোঁ যে বহুতো লোকে নিজৰ বাইবেলৰ পৰা পঢ়ি বেছি ভাল পায়।

 মোৰ কোনো বন্ধু বা পৰিয়ালৰ লোকে অধ্যয়ন কৰাৰ সময়ত মোৰ লগত বহিব পাৰে নে?

 নিশ্চয় পাৰিব। আপুনি নিজৰ গোটেই পৰিয়াল আৰু বন্ধুসকলকো মাতিব পাৰে।

 মই আগতেও যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিছোঁ, কিন্তু মই আকৌ কৰিব পাৰোঁ নে?

 হয়, আপুনি আকৌ অধ্যয়ন কৰিব পাৰে। এতিয়া অধ্যয়ন কৰি আপুনি আগতকৈ বেছি ভাল পাব, কিয়নো এই কিতাপখন বৰ্তমান পৰিস্থিতিৰ ওপৰত ধ্যান দি তৈয়াৰ কৰা হৈছে। ইয়াত বহুতো ছবি আৰু ভিডিঅʼও আছে। লগতে অধ্যয়ন, আলোচনা কৰাৰ দৰে কৰা হʼব।

 মই আনৰ সহায় নোলোৱাকৈ বাইবেল অধ্যয়ন কৰিব পাৰোঁ নে?

 নিশ্চয় কৰিব পাৰে। এয়া সঁচা যে বেছিভাগ লোকে যিহোৱাৰ সাক্ষীসকলৰ সহায় লৈ শিকিবলৈ ভাল পায়। কিন্তু আৰম্ভণিতে কিছুমান লোকে আনৰ সহায় নোলোৱাকৈ অধ্যয়ন কৰি ভাল পায়। আপুনি ৱেবছাইটত ‘বাইবেল অধ্যয়নৰ প্ৰকাশন’ পেজত যাব পাৰে। তাত আপুনি বহুতো বিনামূলীয়াকৈ প্ৰকাশন আৰু ভিডিঅʼ পাব, যাৰ সহায়ত আপুনি অধ্যয়ন কৰিব পাৰিব। যেনে:

  •   বাইবেল আধাৰিত ভিডিঅʼবোৰ। এই ভিডিঅʼবোৰ চাই আপুনি জানিব পাৰিব যে বেলেগ বেলেগ বিষয়ত বাইবেলত কি লিখা আছে।

  •   পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত প্ৰশ্নবোৰৰ উত্তৰ। ইয়াত বাইবেলৰ লগত জড়িত বহুতো প্ৰশ্নৰ উত্তৰ দিয়া হৈছে।

  •   শাস্ত্ৰৰ পৰা জানক। ইয়াত দিয়া লেখবোৰৰ পৰা আপুনি জানিব পাৰিব যে বাইবেলত ভাল পৰামৰ্শ দিয়া হৈছে, যিবোৰ প্ৰতিদিনে আমাৰ প্ৰয়োজন হয়।