Skip to content

Skip to table of contents

আপুনি জানেনে?

আপুনি জানেনে?

প্ৰাচীন সময়ত ইস্ৰায়েলীসকলে কোনো এটা মাহ বা বছৰ কেতিয়া আৰম্ভ হʼব, তাৰ বিষয়ে কেনেকৈ নিৰ্ণয় লৈছিল?

ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশত বাস কৰাৰ সময়ত যেতিয়া তেওঁলোকে হাল বাইছিল আৰু খেতিৰ বাবে শস্য সিঁচিছিল, তেতিয়া তেওঁলোকৰ কৃষি বছৰৰ আৰম্ভণি হৈছিল। আমাৰ কেলেণ্ডাৰৰ অনুসৰি এয়া চেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ মাজৰ সময়খিনি হয়।

যিহূদীসকলে সূৰ্য্যক চাই নিৰ্ণয় লৈছিল যে এটা বছৰ কিমান দীঘলীয়া হʼব। কিন্তু তেওঁলোকে চন্দ্ৰক চাই মাহটোৰ হিচাপ কৰিছিল। নতুন চন্দ্ৰ ওলোৱাৰ পৰা পুনৰ নতুন চন্দ্ৰ ওলোৱালৈকে এমাহ বুলি কৈছিল। এইদৰে এমাহত ২৯ বা ৩০ দিন হৈছিল। কিন্তু এইদৰে হিচাপ কৰিলে ১২ মাহ পূৰ হোৱাৰ পাছতো এবছৰ হʼবলৈ কিছুমান দিন কম হৈছিল। এই পাৰ্থক্য আঁতৰাবলৈ তেওঁলোকে দুটা কাম কৰিব পাৰিলেহেঁতেন। প্ৰথমতে, তেওঁলোকে ১২ মাহ পূৰ হোৱাৰ পাছত বাকী থকা ১১ দিন যোগ কৰি বছৰটো পূৰ কৰিব পাৰিলেহেঁতেন। দ্বিতীয়তে, তেওঁলোকে দুই বা তিনি বছৰৰ মূৰে মূৰে ১২ মাহৰ পাছত আৰু এটা মাহ যোগ কৰিব পাৰিলেহেঁতেন। এইদৰে তেওঁলোকে জানিব পাৰিছিল যে কোনটো মাহত বতৰ কেনেকুৱা হʼব আৰু কোনটো শস্য ৰুব লাগিব বা কোনটো শস্য দাব লাগিব।

মোচিৰ সময়ত ঈশ্বৰে নিজৰ লোকসকলক কৈছিল যে আবীব (বা নিচান) মাহত তেওঁলোকৰ পবিত্ৰ বছৰৰ আৰম্ভণি হʼব। এই মাহ বসন্ত ঋতুত হৈছিল (অৰ্থাৎ আমাৰ কেলেণ্ডাৰৰ অনুসৰি মাৰ্চৰ পৰা এপ্ৰিলৰ মাজৰ সময়খিনি)। (যাত্ৰা. ১২:২; ১৩:৪) এই মাহত যৱ ধান দোৱা হৈছিল আৰু ইয়াৰ বাবে লোকসকলে আনন্দেৰে উৎসৱ পালন কিৰিছিল।—যাত্ৰা. ২৩:১৫, ১৬.

ইমিল চূৰৰ নামৰ এজন বিদ্বানে নিজৰ কিতাপত a লিখিছিল যে যিহূদীসকলে নিচান মাহত (১৪ তাৰিখে) নিস্তাৰ পৰ্ব পালন কৰিছিল। পূৰ্ণিমাৰ দিনাখন তেওঁলোকে এই পৰ্ব পালন কৰিছিল। তেওঁলোকে আৰু এটা কথা মনত ৰাখিছিল যে বসন্ত ঋতুত এনে এটা দিন আহে, যʼত দিন আৰু ৰাতি ১২-১২ ঘণ্টা হয়। ইমিল চূৰে কয় যে সেই দিনৰ পাছতহে নিস্তাৰ পৰ্ব পালন কৰা হৈছিল। কোনো এটা বছৰৰ পাছত যদি দেখিবলৈ পোৱা যায় যে নিস্তাৰ পৰ্বৰ তাৰিখ সেই দিনৰ আগতে পৰিছে, তেনেহʼলে যিহূদীসকলে সেই বছৰৰ শেষত আৰু নিচান মাহৰ আগতে ১৩ তম মাহ যোগ কৰিছিল। এই কথাবোৰ মনত ৰাখি যিহূদীসকলে নিৰ্ণয় লৈছিল যে তেওঁলোকে কোনো এটা বছৰত ১৩ তম মাহ যোগ কৰিব নে নকৰে।

এই কথাবোৰ মনত ৰাখিয়েই যিহোৱাৰ সাক্ষীসকলে নিৰ্ণয় লয় যে যীচুৰ মৃত্যুৰ স্মৰণীয় দিন কিমান তাৰিখে পালন কৰা হʼব। এয়া বসন্ত ঋতুত হোৱা উচিত আৰু হিব্ৰু কেলেণ্ডাৰৰ অনুসৰি এয়া নিচান মাহৰ ১৪ তাৰিখে হোৱা উচিত। বহু সময়ৰ আগতেই এই দিনৰ বিষয়ে গোটেই পৃথিৱীৰ সকলো মণ্ডলীক জনাই দিয়া হয়। b

কোনো এটা মাহ কেতিয়া আৰম্ভ হʼব, তাৰ বিষয়ে যিহূদীসকলে কেনেকৈ জানিব পাৰিছিল? বৰ্তমান সময়ত আমি ফোন বা কেলেণ্ডাৰত চাই এয়া জানিব পাৰোঁ। কিন্তু সেই সময়ত ইয়াৰ বিষয়ে জনাটো ইমান সহজ নাছিল।

নোহৰ সময়ত যেতিয়া জল-প্লাৱন হৈছিল, তেতিয়া বিশ্বাস কৰা হৈছিল যে প্ৰতিটো মাহত ৩০ দিন থাকে। (আদি. ৭:১১, ২৪; ৮:৩, ৪) কিন্তু পাছলৈ যিহূদী কেলেণ্ডাৰত প্ৰতিটো মাহত ৩০ দিন নাছিল। যি দিনাখন তেওঁলোকে প্ৰথমবাৰ নতুন চন্দ্ৰ দেখিছিল, সেই দিনাখনৰ পৰা তেওঁলোকৰ মাহ আৰম্ভ হৈছিল। এইদৰে এটা মাহত ২৯ বা ৩০ দিন হৈছিল।

বাইবেলত কোৱা হৈছে যে এবাৰ যেতিয়া দায়ূদে যোনাথানৰ লগত এটা নতুন মাহৰ বিষয়ে কথা পাতিছিল, তেতিয়া তেওঁ এইদৰে কৈছিল, “কাইলৈ ন জোন ওলাব।” (১ চমূ. ২০:৫, ১৮) তাৰ মানে খ্ৰীষ্টপূৰ্ব ১১ তম শতিকালৈকে যিহূদীসকলে আগতীয়াকৈ জানিব পাৰিছিল যে কোনো এটা মাহ কেতিয়া আৰম্ভ হʼব। তেওঁলোকে এয়া কেনেকৈ জানিব পাৰিছিল, তাৰ বিষয়ে স্পষ্টকৈ কʼব নোৱাৰি। কিন্তু মিস্না নামৰ কিতাপখনৰ পৰা ইয়াৰ বিষয়ে কিছুমান কথা অনুমান কৰিব পাৰি। এই কিতাপখন যিহূদীসকলৰ হয়। ইয়াত তেওঁলোকৰ বহুতো মৌখিক পৰম্পৰাৰ বিষয়ে লিখা আছে। এই কিতাপখন পঢ়িলে জানিব পাৰি যে যেতিয়া তেওঁলোকে বাবিলৰ পৰা উভটি আহিছিল, তেতিয়া যিহূদী মহসভাই (যিহূদীসকলৰ আটাইতকৈ ডাঙৰ ন্যায়ালয়) নিৰ্ণয় লৈছিল যে কোনো এটা মাহ কেতিয়া আৰম্ভ হʼব। যি সাত মাহত উৎসৱ হৈছিল, সেই মাহৰ ৩০ তম দিনাখন মহাসভাৰ সদস্যসকলে একগোট হৈছিল আৰু আলোচনা কৰিছিল যে কেতিয়া নতুন মাহ আৰম্ভ কৰিলে ভাল হʼব। তেওঁলোকে এয়া কেনেকৈ নিৰ্ণয় লৈছিল? আহক চাওঁ।

যিৰূচালেমৰ ওচৰে-পাজৰে থকা পাহাৰ বা ওখ ঠাইবোৰত কিছুমান লোকক পহৰা দিবলৈ ৰখা হৈছিল আৰু তেওঁলোকে ৰাতি আকাশত চাইছিল যে নতুন চন্দ্ৰ ওলাইছে নে নাই। যেতিয়া তেওঁলোকে নতুন চন্দ্ৰ দেখিছিল, তেতিয়া তেওঁলোকে ইয়াৰ বিষয়ে লগে লগে মহাসভাক গৈ জনাইছিল। যেতিয়া কিছুমান ব্যক্তিৰ কথাৰ পৰা নিশ্চিত হৈছিল যে নতুন চন্দ্ৰ ওলাল, তেতিয়া নতুন মাহ আৰম্ভ হʼল বুলি মহাসভাই ঘোষণা কৰিছিল। কিন্তু যদি ডাৱৰ বা ধোৱাৰ বাবে নতুন চন্দ্ৰ দেখা পোৱা নগৈছিল, তেতিয়া মহাসভাই ঘোষণা কৰিছিল যে যি মাহ চলি আছে, সেই মাহটো ৩০ দিনীয়া হয় আৰু ইয়াৰ পাছ দিনাখনৰ পৰা নতুন মাহ আৰম্ভ হʼব।

মিস্না নামৰ কিতাপখনত এয়াও কোৱা হৈছে যে যেতিয়া মহাসভাই ঘোষণা কৰিছিল যে নতুন মাহ আৰম্ভ হʼল, তেতিয়া যিৰূচালেমৰ ওচৰত থকা জৈতুন পৰ্বতত জুই জ্বলাই ইয়াৰ বিষয়ে জাননী দিয়া হৈছিল। গোটেই ইস্ৰায়েলৰ আন আন ওখ ঠাইবোৰতো লোকসকল জুই জ্বলাই ইয়াৰ বিষয়ে খবৰ দিয়া হৈছিল। পাছলৈ আন আন ঠাইত কিছুমান দূতক পঠিওৱা হৈছিল, যাতে সকলোৱে ইয়াৰ বিষয়ে জানিব পাৰে। এইদৰে যিৰূচালেম আৰু আন আন ঠাইত থকা যিহূদীসকলে নতুন মাহ আৰম্ভ হʼল বুলি জানিব পাৰিছিল আৰু তেওঁলোক সকলোৱে একেটা সময়তে উৎসৱ পালন কৰিছিল।

ইয়াত দিয়া তালিকাৰ পৰা আপুনি বুজিব পাৰিব যে যিহূদীসকলে কোনটো মাহত কি উৎসৱ পালন কৰিছিল আৰু সেই সময়ত বতৰ কেনেকুৱা আছিল।

a দ্য হিচট্ৰি অফ্‌ দ্য যিউচ পিউপʼল ইন দ্য এজ অফ্‌ যিজচ খ্ৰাইষ্ট (১৭৫ বী.চী.–এ.ডি. ১৩৫).

b ফেব্ৰুৱাৰী ১, ১৯৯১ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ২৪-২৫ পৃষ্ঠা আৰু জুন ১৫, ১৯৭৭ চনৰ প্ৰহৰীদুৰ্গত (ইংৰাজী) “পাঠকসকলৰ প্ৰশ্ন” নামৰ লেখটো পঢ়ক।