Skip to content

Skip to table of contents

সমস্যাবোৰৰ সমাধান কৰা এক চৰকাৰ

‘শান্তি কেতিয়াও শেষ নহব’

‘শান্তি কেতিয়াও শেষ নহব’

এজনে-আনজনক সহযোগ কৰিবলৈ, আনৰ অধিকাৰ কাঢ়ি নলʼবলৈ আৰু পৰিৱেশক ৰক্ষা কৰিবলৈ সংযুক্ত ৰাষ্ট্ৰয়ে লোকসকলক উৎসাহিত কৰিছে। কিয়? এই বিষয়ে মাহেৰ নাছেৰে ইউ এন ক্ৰʼনিকেল নামৰ প্ৰকাশনত এইদৰে কৈছে, “বিশ্বজুৰি বতৰত বহুতো পৰিৱৰ্তন হৈ আছে। অপৰাধ, পক্ষপাত আৰু যুদ্ধ দিনক-দিনে বাঢ়ি যোৱাৰ বাবে বহুতোলোকে নিজৰ দেশ এৰি পলাবলগীয়া হৈছে। লগতে সন্ত্ৰাসবাদ আৰু মহামাৰীও বাঢ়ি গৈ আছে।”

কিছুমান লোকে এয়াও কৈছে যে গোটেই বিশ্বজুৰিত কেৱল এটাই চৰকাৰ হোৱা উচিত। ইটালিৰ দাৰ্শনিক, কবি আৰু ৰাজনৈতিক নেতা ডাণ্টে (১২৬৫-১৩২১) আৰু পদাৰ্থ বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনো (১৮৭৯-১৯৫৫) এইদৰেই ভাবিছিল। ডাণ্টে বিশ্বাস কৰিছিল যে যেতিয়ালৈকে দেশবোৰৰ নিজৰ নিজৰ চৰকাৰ থাকিব, তেতিয়ালৈকে দেশবোৰে বিভক্ত হৈ থাকিব আৰু ইয়াৰ ফলত শান্তি স্থাপন হʼব নোৱাৰে। তেওঁ যীচু খ্ৰীষ্টই কোৱা এই কথাৰ উদ্ধৃতি দি এইদৰে কৈছিল, “যি ৰাজ্যত বিভেদৰ সৃষ্টি হয়, সেয়া ধ্বংস হৈ যাব।”—লূক ১১:১৭.

দ্বিতীয় বিশ্ব যুদ্ধত দুটা পৰমাণু বোমা বিস্ফোৰণ হৈছিল। এই যুদ্ধৰ কিছুসময়ৰ পাছত এলবাৰ্ট আইনষ্টাইনে সংযুক্ত ৰাষ্ট্ৰৰ মহা সভাক সম্বোধন জনাই এখন বাতৰি কাকতত চিঠি লিখিছিল। তেওঁ লিখিছিল, “সংযুক্ত ৰাষ্ট্ৰই গোটেই পৃথিৱীত সুৰক্ষা স্থাপন কৰিবলৈ অতি সোনকালে পদক্ষেপ লোৱা উচিত। এইদৰে কৰিবলৈ গোটেই পৃথিৱীত এটাই চৰকাৰ অনাৰ ভিত্তিমূল স্থাপন কৰা উচিত।”

কিন্তু প্ৰশ্ন হৈছে, গোটেই পৃথিৱীত এটাই চৰকাৰ থাকিলেও, ইয়াৰ কোনো গেৰান্টি নাই যে ইয়াক চলাওঁতা নেতাসকল দুৰ্নীতি নকৰিব, জন-সাধাৰণৰ ওপৰত অত্যাচাৰ নকৰিব আৰু ভালদৰে শাসন কৰিব। ব্ৰিটিচ ইতিহাসবিধ লʼৰ্ড এক্টনে কৈছিল, “ক্ষমতাই লোকসকলক দুৰ্নীতি কৰোৱায়; যাৰ ওচৰত যিমান ক্ষমতা থাকে, তেওঁ সিমানেই দুৰ্নীতি কৰে।”

যেতিয়া গোটেই পৃথিৱীত একতা হʼব, তেতিয়াহে শান্তি হʼব। কিন্তু এই একতা কেনেকৈ হʼব? আমি আশা কৰিব পাৰোঁনে যে গোটেই পৃথিৱীত একতা হʼব? বাইবেলে কয় যে এইদৰে নিশ্চয় হʼব। কিন্তু এই একতা কোনো মানুহে আনিব নোৱাৰে। যদি সকলো নেতাৰে গঠিত এটাই চৰকাৰে পৃথিৱীত শাসন কৰে তথাপিও একতা আনিব নোৱাৰে, কিয়নো নেতাসকল দুৰ্নীতি কৰিব পাৰে। বাইবেলত লিখা আছে যে এনে চৰকাৰ ঈশ্বৰে আনিব। গোটেই পৃথিৱীৰ ওপৰত ঈশ্বৰে শাসন কৰাৰ অধিকাৰ আছে, সেইবাবে তেৱে শাসন কৰিব। বাইবেলত তেওঁৰ চৰকাৰক ʼঈশ্বৰৰ চৰকাৰʼ বুলি কোৱা হৈছে।—লূক ৪:৪৩.

“তোমাৰ ৰাজ্য আহক”

যীচু খ্ৰীষ্টই ঈশ্বৰলৈ এইদৰে প্ৰাৰ্থনা কৰিছিল, ‘তোমাৰ ৰাজ্য আহক, তোমাৰ ইচ্ছা পৃথিৱীতো পূৰ হওক।’ (মথি ৬:৯, ১০) এইদৰে কৈ তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বাবে প্ৰাৰ্থনা কৰিলে। ঈশ্বৰৰ ৰাজ্যত ঈশ্বৰৰ ইচ্ছা পূৰ হʼব, মানুহৰ ইচ্ছা নহয়, যিসকলে কেৱল নিজৰ অধিকাৰৰ বিষয়ে চিন্তা কৰে।

ঈশ্বৰৰ ৰাজ্যক “স্বৰ্গৰাজ্য” বুলিও কোৱা হৈছে। (মথি ৫:৩) কিয় বাৰু? কিয়নো ঈশ্বৰৰ ৰাজ্যই পৃথিৱীৰ পৰা নহয়, স্বৰ্গৰ পৰা শাসন কৰিব। সেইবাবে এই চৰকাৰক লোকসকলৰ আৰ্থিক সহায়ৰ প্ৰয়োজন নহʼব। খন্তেকৰ বাবে চিন্তা কৰক, এই ৰাজ্যত লোকসকলে কিমান শান্তিৰে জীয়াই থাকিব। ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচু খ্ৰীষ্ট হয়। তেওঁক ঈশ্বৰে ৰজা হিচাপে বাছনি কৰিছে। যীচুৰ বিষয়ে বাইবেলত লিখা আছে:

  • ʼতেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হব, তেওঁৰ ৰাজ্যত তেওঁৰ ৰাজ্যশাসন আৰু শান্তিবৃদ্ধিৰ শেষ নহব।ʼ​—যিচয়া ৯:৬, ৭.

  • ‘সকলো জাতিৰ, দেশৰ, আৰু ভাষাৰ লোকবিলাকে তেওঁৰ সেৱা কৰিবৰ নিমিত্তে তেওঁক ৰাজশাসন, মহিমা, আৰু ৰাজ্যভাৰ দিয়া হল; তেওঁৰ ৰাজ্য অবিনাশী।ʼ​—দানিয়েল ৭:১৪.

  • ‘এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হল।ʼ​—প্ৰকাশিত বাক্য ১১:১৫.

যিদৰে যীচুৱে প্ৰাৰ্থনা কৰিছিল, ঠিক সেইদৰেই হʼব। ঈশ্বৰৰ ৰাজ্যই শাসন কৰাৰ সময়ত পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ হʼব, তেতিয়া লোকসকলে পৃথিৱীৰ ভালদৰে চোৱা-চিতা কৰিবলৈ শিকিব, সেইবাবে তেওঁলোকে পৃথিৱীৰ কোনো লোকচান নকৰিব আৰু জীৱ-জন্তুবোৰ লুপ্ত নহʼব।

ইয়াৰ উপৰিও ঈশ্বৰৰ ৰাজ্যত লোকসকলক ভাল শিক্ষা দিয়া হʼব। লোকসকলৰ মাজত বিবাদৰ সৃষ্টি নহʼব। বাইবেলত লিখা আছে, “কোনেও কাকো হিংসা বা বিনষ্ট নকৰিব; কিয়নো সমুদ্ৰ যেনেকৈ পানীৰে ঢকা, তেনেকৈ পৃথিবী যিহোৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হব।”—যিচয়া ১১:৯.

সংযুক্ত ৰাষ্ট্ৰই যি কৰিব পৰা নাই, সেয়া সেই সময়ত পূৰ হʼব। গোটেই পৃথিৱীত লোকসকলৰ মাজত একতা আৰু শান্তি থাকিব। বাইবেলত লিখা আছে ‘তেওঁলোকে প্ৰচুৰ শান্তিত হৰ্ষিত হব।’ (গীতমালা ৩৭:১১) কিছুসময়ৰ পাছত অপৰাধ, প্ৰদূষণ, দৰিদ্ৰতা আৰু যুদ্ধ এনেধৰণৰ শব্দ মনলৈ নাহিব। কিন্তু এইবোৰ কেতিয়া হʼব? ঈশ্বৰৰ ৰাজ্যই পৰিস্থিতি কেতিয়া ভাল কৰিব? এই ৰাজ্যত জীৱন লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব? আহক চাওঁ।