Skip to content

Skip to table of contents

গণনা পুস্তক কিতাপৰ আলোকপাত

গণনা পুস্তক কিতাপৰ আলোকপাত

যিহোৱাৰ বাক্য জীয়া

গণনা পুস্তক কিতাপৰ আলোকপাত

মিচৰ দেশৰ দাসত্ব বন্ধনৰ পৰা স্বাধীনতা পোৱাৰ পিছত ইস্ৰায়েলসকলক এক জাতিৰূপে সংগঠিত কৰা হʼল। তাৰ অলপ পিছতেই তেওঁলোকে সেই প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰিব লাগিছিল, কিন্তু কৰিব নোৱাৰিলে। তাৰ পৰিৱৰ্তে তেওঁলোকে প্ৰায় চাৰি দশক ‘মহৎ আৰু ভয়ানক অৰণ্যত’ অনাই-বনাই ভ্ৰমি ফুৰিবলগীয়া হʼল। (দ্বিতীয় বিবৰণ ৮:১৫) কিয় অনাই-বনাই ফুৰিবলগীয়া হৈছিল? বাইবেলৰ গণনা পুস্তক কিতাপত পোৱা বৃতান্তই কি ঘটিল সেই বিষয়ে ঐতিহাসিক বৰ্ণনা কৰিছে। এই বৃতান্তই আমাক যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন আৰু তেওঁৰ প্ৰতিনিধিবোৰক সন্মান কৰাৰ বিষয়ে গভীৰভাৱে প্ৰভাৱিত কৰা আৱশ্যক।

গণনা পুস্তক কিতাপখন মোচিয়ে অৰণ্যস্থল আৰু মোৱাবৰ সমথল ভূমিত লিখিছিল। এই কিতাপখন লিখি সম্পূৰ্ণ কৰিবলৈ সা.যু.পূ. ১৫১২ চনৰ পৰা সা.যু.পূ. ১৪৭৩ চনলৈ অৰ্থাৎ ৩৮ বছৰ আৰু ৯ মাহ সময় লাগিল। (গণনা পুস্তক ১:১; দ্বিতীয় বিবৰণ ১:৩) এই কিতাপখনৰ নাম ইস্ৰায়েলত দুবাৰকৈ প্ৰায় ৩৮ বছৰ সময় ধৰি কৰা জনসংখ্যা গণনাৰ ওপৰত আধাৰিত। (১-৪, ২৬ অধ্যায়) এই কিতাপখনৰ বৰ্ণনাক তিনিটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম ভাগত, চীনয় পৰ্ব্বতত কি ঘটিছিল সেই বিষয়ে বৰ্ণনা পোৱা যায়। দ্বিতীয় ভাগত, ইস্ৰায়েলসকলে অৰণ্য অঞ্চলত থকাৰ সময়ত কি হৈছিল সেই বিষয়ে ব্যাখ্যা আৰু তৃতীয় ভাগত মোৱাবৰ সমথলত ঘটা ঘটনাসমূহৰ বিৱৰণী পোৱা যায়। আপুনি যেনেকৈ এই বিৱৰণীবোৰ পঢ়িব, তেতিয়া নিজকে এইদৰে সুধিব পাৰে: ‘এই ঘটনাবোৰৰ পৰা মই কি শিকিব পাৰোঁ? এই কিতাপখনত পোৱা সিদ্ধান্তবোৰ বৰ্তমান সময়ত মোৰ বাবে লাভদায়কনে?’

চীনয় পৰ্ব্বতত

(গণনা পুস্তক ১:১-১০:১০)

ইস্ৰায়েলৰ জনসংখ্যা প্ৰথম দুবাৰৰ গণনা চীনয় পৰ্ব্বতৰ নামনিত ছাউনি পাতি থকাৰ সময়ত কৰা হৈছিল। লেবী বংশৰ বাহিৰে ২০ বছৰ বা তাতকৈ অধিক বয়সৰ পুৰুষসকলৰ সংখ্যা আছিল ৬,০৩,৫৫০ জন। অৱশ্যে এই গণনা সৈন্য বাহিনীত নিযুক্ত কৰাৰ উদ্দেশ্যৰে কৰা হৈছিল। ইস্ৰায়েলৰ লেবী বংশ, স্ত্ৰী আৰু লʼৰা-ছোৱালী এই সকলোৰে সৰ্ব্বমুঠ সংখ্যা আছিল ৩০ লাখতকৈও অধিক।

জনসংখ্যা গণনাৰ পিছত ইস্ৰায়েলসকলক লেবীবিলাকৰ দায়িত্ব, মন্দিৰত সেৱা কৰা, চল্লিশ দিন আছুতীয়কৈ ৰাখা আজ্ঞা, চকু চৰহাৰ সম্বন্ধে দিয়া নিয়ম আৰু নাচৰীয়াবিলাকে শপত খোৱাৰ সম্পৰ্কে নিৰ্দ্দেশনা দিয়া হʼল। ৭ অধ্যায়ত গোষ্ঠীগত প্ৰধান পুৰুষসকলে যজ্ঞবেদী প্ৰতিস্থাপন কৰা নিয়ম আৰু ৯ অধ্যায়ত নিস্তাৰ-পৰ্ব্বৰ পালন কৰাৰ বিষয়ে আলোচনা কৰা হৈছে। তদুপৰি একত্ৰিত ইস্ৰায়েলসকলক কিদৰে ছাউনি পতা আৰু যাত্ৰা কৰাৰ সম্পৰ্কে দিয়া নিয়মৰ বিষয়ে উল্লেখ কৰিছে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২:১, ২—অৰণ্যাঞ্চলত ছাউনি পতা ইস্ৰায়েলৰ তিনিটা গোত্ৰক বিভক্ত কৰিবলৈ লগোৱা ‘পতাকা’ কি আছিল? সেই পতাকা কি আছিল তাৰ বিষয়ে বাইবেলে যদিও কোনো বৰ্ণনা কৰা নাই, তথাপিও সেইবোৰক পবিত্ৰ চিহ্ন বা ধৰ্ম্মীয় প্ৰতীক হিচাবে লক্ষ্য কৰা নাছিল। এই পতাকাবোৰ ব্যৱহাৰিক উদ্দেশ্যৰে অৰ্থাৎ ছাউনিত থকা কোনো এজন ব্যক্তিক সহজে বিচাৰি পোৱাৰ উদ্দেশ্যৰে ব্যৱহাৰ কৰা হৈছিল।

৫:২৭—ব্যভিচাৰ কাৰ্য্যত দোষী হোৱা এগৰাকী পত্নীৰ ‘কৰঙন শুকাই যোৱাৰ’ অৰ্থ কি? ইয়াত ব্যৱহাৰ কৰা “কৰঙন” উক্তিটোৱে প্ৰজনন অঙ্গক বুজাইছে। (আদিপুস্তক ৪৬:২৬) “শুকাই যোৱা” উক্তিটোৱে প্ৰজনন অংঙ্গত জন্ম দিয়া শক্তি লোপ পোৱা, যাৰ বাবে গৰ্ভধাৰণ কৰাত অক্ষম হোৱাক বুজাইছে।

আমাৰ বাবে শিক্ষামূলক পাঠ:

৬:১-৭.নাচৰীয়াসকলে দ্ৰাক্ষাৰসৰ উৎপাদন আৰু সকলো প্ৰকাৰৰ ৰাগীয়াল বস্তুৰ পৰা আঁতৰি থাকিবলৈ আত্মত্যাগৰ আৱশ্যক আছিল। তেওঁলোকে নিজকে যিহোৱাৰ অধীন কৰাৰ চিহ্নস্বৰূপে নিজৰ চুলি দীঘল কৰিছিল, যিদৰে স্ত্ৰীয়ে তেওঁলোকৰ স্বামী বা দেউতাকৰ অধীন হয়। নাচৰীয়াসকলে নিজকে মৃতদেহৰ সংশ্পৰ্শলৈ অহাৰ পৰা বিৰত ৰাখিছিল, আনকি সেই মৃত্যুদেহ নিজৰ নিকটৱৰ্তী আত্মীয় লোকেই নহওঁক কিয়। একেইদৰে পূৰ্ণ-সময়ৰ সেৱকসকলে আত্মত্যাগ, যিহোৱা আৰু তেওঁৰ ব্যৱস্থাত অধীন হোৱাৰ ক্ষেত্ৰত স্বাৰ্থত্যাগ মনোবৃত্তি প্ৰকাশ কৰে। তেওঁলোকে লাভ কৰা নিযুক্তিত দূৰত অৱস্থিত থকা অন্য দেশলৈ গৈ প্ৰচাৰ কৰাটো সন্মিলিত আছে, যাৰ বাবে নিজৰ কোনো আত্মীয় লোকৰ মৃত্যুত ঘৰলৈ যোৱাটো কঠিন বা অসম্ভৱ হʼব পাৰে।

৮:২৫, ২৬. লেবীবিলাকৰ পুৰোহিত কাৰ্য্যত উপযুক্ত ব্যক্তিক বাছনি কৰা আৰু বয়সৰ বিষয়ে বিবেচনা কৰি বৃদ্ধসকলক অৱশ্যেই কৰণীয় কাৰ্য্যৰ পৰা অৱসৰ দিয়াৰ বাবে আজ্ঞা দিয়া হʼল। তেওঁলোকে আন লেবীসকলক স্বইচ্ছাৰে সহায় কৰিব পাৰে। যিহেতু বৰ্তমান সময়ত কৰা ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ যদিও কোনো আৱশ্যকতা নাই, তথাপিও মোচিৰ ব্যৱস্থাৰ সিদ্ধান্তই আমাক বহুমূলীয়া শিক্ষা প্ৰদান কৰে। যদি কোনো এজন বৃদ্ধ খ্ৰীষ্টান ব্যক্তিয়ে বিশেষ কোনো দায়িত্ব পূৰ্ণ কৰিব নোৱাৰে, তেওঁ হয়তো তেওঁৰ সামৰ্থৰ অনুসাৰে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লব পাৰে।

অৰণ্যাঞ্চলত এখনৰ পৰা আনখন ঠাইলৈ যাত্ৰা কৰা

(গণনা পুস্তক ১০:১১-২১:৩৫)

সাক্ষ্য-ফলি থকা আবাসৰ ওপৰৰ পৰা যেতিয়া মেঘ ক্ৰমান্বয়ে ওপৰলৈ উঠে তেতিয়া ইস্ৰায়েলসকলে যাত্ৰা কৰি ৩৮ বছৰ আৰু এমাহ বা দুমাহৰ পিছত মোৱাবৰ সমথল মৰুভূমিত উপস্থিত হয়। আপুনি হয়তো তেওঁলোকে যাত্ৰা কৰা পথটোৰ বিষয়ে জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা ‘উত্তম দেশখন চাওক’ নামৰ ব্ৰচাৰখনৰ ৯ পৃষ্ঠাত দিয়া মানচিত্ৰত বিচাৰি উলিয়াই লাভৱান হʼব পাৰে।

পাৰণ অৰণ্যত থকা কাদেচ নগৰলৈ যাত্ৰা কৰাৰ পথত ইস্ৰায়েলসকলে প্ৰায় তিনিবাৰকৈ অসন্তোষ্টি প্ৰকাশ কৰিলে। প্ৰথমবাৰত যিহোৱা ঈশ্বৰে কিছুমানক জুইৰ দ্বাৰা গ্ৰাস কৰিলে। দ্বিতীয়বাৰত ইস্ৰায়েলসকলে খঁকুৱা স্বভাৱেৰে মাংসৰ বাবে ক্ৰন্দন কৰিলে। তৃতীয়বাৰত মিৰিয়ম আৰু হাৰোণে মোচিৰ অহিতে আপত্তি কৰাৰ ফলস্বৰূপে মিৰিয়মে অস্থায়ীভাৱে কুষ্ঠৰোগৰ দ্বাৰা পীড়িত হʼল।

কাদেচৰ অভিযানত মোচিয়ে ১২ জন গুপ্তচৰক প্ৰতিজ্ঞাত দেশক গোপনে নিৰীক্ষণ কৰিবলৈ পঠিয়ালে। তেওঁলোকে ৪০ দিনৰ মূৰত উভতি আহিল আৰু সেই প্ৰতিজ্ঞাত দেশৰ বিষয়ে ১০ জনে দিয়া বেয়া সংবাদ শুনি লোকবিলাকে মোচি, হাৰোণ আৰু বাকী দুজন বিশ্বাসী গুপ্তচৰ অৰ্থাৎ যিহোচূৱা আৰু কালেবলৈ পাথৰ দলিয়াব বিচাৰিছিল। মোচিৰ বিৰুদ্ধে ইস্ৰায়েলসকলে বিদ্ৰোহ-আচৰণ কৰাত যিহোৱা ঈশ্বৰে ক্ৰোধিত হৈ তেওঁবিলাকক মহামাৰীৰ দ্বাৰাই পীড়িত কৰিবলৈ উদ্যত হʼল, কিন্তু মোচিয়ে তেনে নকৰিবলৈ অনুৰোধ কৰাত ঈশ্বৰে ঘোষণা কৰিলে যে সেই বিদ্ৰোহীবিলাকৰ মৃত্যু নোহোৱালৈকে অৰ্থাৎ ৪০ বছৰ সময় অৰণ্যাঞ্চলত যাযাবৰৰ দৰে ভ্ৰমি ফুৰিব লাগিল।

তদুপৰি যিহোৱাই অতিৰিক্ত নিয়ম-ব্যৱস্থা প্ৰদান কৰিলে। কোৰহ আৰু আনসকলে মোচি আৰু হাৰোণৰ অহিতে বিদ্ৰোহ কৰিলে, কিন্তু সেই বিদ্ৰোহীবিলাকক ঈশ্বৰে জুইৰ দ্বাৰা ধ্বংস বা পৃথিৱীয়ে নিজ মুখ মেলি গ্ৰাস কৰিলে। তাৰ পিছদিনা ইস্ৰায়েলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীয়ে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকিব ধৰিলে। ফলস্বৰূপে ১৪,৭০০ জন লোক যিহোৱাই পঠোৱা মহামাৰীত মৃত্যু হʼল। ঈশ্বৰে হাৰোণক যে মহাপুৰোহিত মনোনীত কৰিলে, তাৰ প্ৰমাণৰূপে হাৰোণৰ লাখুটিত কুঁহি ওলাই কলি ধৰি ফুলিলে আৰু বাদামৰ পকা গুটি লাগিল। তাৰ পিছত যিহোৱাই লেবীবিলাকৰ দায়িত্ব আৰু তেওঁলোকক শুচি কৰাৰ সম্বন্ধে ব্যৱস্থা প্ৰদান কৰিলে। ব্যৱহাৰ কৰা ৰাঙলী চেঁউৰী গৰুজনী যীচুৰ বলিদানৰ দ্বাৰা শুচি কৰাৰ পূৰ্বাভাস দিছিল।—ইব্ৰী ৯:১৩, ১৪.

ইস্ৰায়েলৰ সন্তানবিলাকে কাদেচলৈ উভটি গʼল আৰু তাত মিৰিয়মৰ মৃত্যু হয়। পানীৰ অভাৱৰ বাবে গোটেই মণ্ডলীয়ে মোচি আৰু হাৰোণৰ অহিতে পুনৰাই আপত্তি কৰিলে। এই সময়ত যিহোৱা ঈশ্বৰে আচৰতিভাৱে পানীৰ প্ৰবন্ধ কৰাৰ সময়ত মোচি আৰু হাৰোণে ঈশ্বৰৰ নাম পবিত্ৰ কৰাত বিফল হোৱাৰ বাবে তেওঁলোকে প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰাৰ সুযোগ হেৰুৱালে। ইস্ৰায়েলসকলে কাদেচৰ পৰা হোৰ পৰ্ব্বতৰ অভিমুখে যাত্ৰা কৰে আৰু তাত হাৰোণৰ মৃত্যু হয়। ইদোম দেশৰ সীমাৰ কাষেদি যোৱাৰ সময়ত ইস্ৰায়েলসকলে ভাগৰত ক্লান্ত হৈ পুনৰাই ঈশ্বৰ আৰু মোচিৰ অহিতে কʼব ধৰিলে। যিহোৱা ঈশ্বৰে তেওঁলোকক শাস্তি বিহিবলৈ বিষাক্ত সাপ পঠিয়ালে। মোচিয়ে পুনৰাই তেনে নকৰিবলৈ প্ৰাৰ্থনা কৰি অনুৰোধ কৰাত ঈশ্বৰে তেওঁক পিতলৰ এটা সাপ বনাই নিচানস্বৰূপে এডাল খুটিত তুলি ৰাখিবলৈ কʼলে যাতে দংশিত লোকবিলাকে পিতলৰ সাপলৈ দৃষ্টি কৰি সুস্থ হয়। স্তম্ভত আঁৰি ৰাখা পিতলৰ সাপটো আমাৰ অনন্তকলীয়া লাভৰ অৰ্থে যীচু খ্ৰীষ্টক যাতনা স্তম্ভত আঁৰি বধ কৰাৰ পূৰ্বাভাস আছিল। (যোহন ৩:১৪, ১৫) ইস্ৰায়েলসকলে ইমোৰীয়াসকলৰ ৰজা চীহোন আৰু বাচনৰ ওগ ৰজাক পৰাস্ত কৰি তেওঁলোকৰ দেশ অধিকাৰ কৰিলে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১২:১—মিৰিয়ম আৰু হাৰোণে কিয় মোচিৰ অহিতে আপত্তি কৰিছিল? তেওঁলোকৰ আপত্তিৰ আচল কাৰণটো আছিল মিৰিয়মে অধিক প্ৰমুখ স্থান পাব বিচাৰিছিল। যেতিয়া মোচিৰ পত্নী চিপ্পোৰা আহি অৰণ্যত মোচিৰ সৈতে লগ হয় তেতিয়া মিৰিয়মে ছাউনিত জনাপৰিচিত মহিলা বুলি থকা খ্যাতি হেৰুৱাব লাগিব বুলি ভয় কৰিলে।—যাত্ৰাপুস্তক ১৮:১-৫.

১২:৯-১১—কেৱল মিৰিয়মে কিয় কুষ্ঠৰোগৰ দ্বাৰা পীড়িত হʼল? স্পষ্টৰূপে তাইহে কেৱল তেনেদৰে আপত্তি কৰিবলৈ প্ৰবোচনা দি হাৰোণক তাইৰ সৈতে জড়িত কৰিছিল। হাৰোণে নিজৰ ভুল স্বীকাৰ কৰি সঠিক মনোবৃত্তি প্ৰকাশ কৰিলে।

২১:১৪, ১৫—ইয়াত উল্লেখ কৰা কিতাপবোৰ কি? শাস্ত্ৰত উল্লেখ কৰা বিভিন্ন কিতাপসমূহ হৈছে তেনে কিতাপ যিবোৰক বাইবেলৰ লিখকসকলে মুখ্য বিষয়বস্তু হিচাবে ব্যৱহাৰ কৰিছিল। (যিহোচূৱা ১০:১২, ১৩; ১ ৰাজাৱলি ১১:৪১; ১৪:১৯, ২৯) “যিহোৱাৰ যুদ্ধ-পুস্তকত” যুদ্ধৰ বিষয়ে লিখনিসমূহ পোৱা যায়। ইয়াত যিহোৱাৰ লোকসকলৰ যুদ্ধৰ ইতিহাস পোৱা যায়।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১১:২৭-২৯. আনে যিহোৱাৰ সেৱাত লাভ কৰা বিশেষাধিকাৰৰ বাবে আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা আৱশ্যক, এই বিষয়ে মোচিয়ে এক উত্তম আৰ্হি দাঙি ধৰিলে। মোচিয়ে ঈৰ্ষালু হৈ নিজৰ নিমিত্তে প্ৰসংশা লাভ কৰিবলৈ বিচৰাৰ পৰিৱৰ্তে ইল্‌দদ আৰু মেদদে ভাববাণী প্ৰচাৰ কৰা দেখি আনন্দিত হʼল।

১২:২, ৯, ১০; ১৬:১-৩, ১২-১৪, ৩১-৩৫, ৪১, ৪৬-৫০. যিহোৱাই বিচাৰে যে তেওঁৰ উপাসকসকলে তেওঁ প্ৰদান কৰা অধিকাৰৰ প্ৰতি যেন সন্মান কৰে।

১৪:২৪. বেয়া কাৰ্য্য কৰিবলৈ অহা জাগতিক হেঁচাবোৰক প্ৰতিৰোধ কৰাৰ মুখ্য উপায়টো হৈছে মনোবৃত্তি বা “মন বেলেগ” কৰা। এনে মনোবৃত্তি জগতৰ পৰা সম্পূৰ্ণকৈ পৃথক হোৱা উচিত।

১৫:৩৭-৪১. ইস্ৰায়েলসকলে পৰিধান কৰা বস্ত্ৰৰ চুকত লগোৱা থোপাত নীল বৰণীয়া ফিতাই সোঁৱৰাই দিছিল যে ঈশ্বৰৰ উপাসনা আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ তেওঁলোকক পৃথক কৰা হʼল। গতিকে আমিও ঈশ্বৰৰ স্তৰৰ অনুসাৰে জীৱন-যাপন কৰি নিজকে জগতৰ পৰা পৃথক নকৰিমনে?

মোৱাবৰ সমথল মৰুভূমিত

(গণনা পুস্তক ২২:১-৩৬:১৩)

মোৱাবৰ সমথল মৰুভূমিত ইস্ৰায়েলৰ সন্তানবিলাকে ছাউনি পাতাত মোৱাবীয়াসকলে ভয়ত কম্পিত হৈছিল। সেইবাবে মোৱাবীয়াসকলৰ ৰজা বালাকে ইস্ৰায়েলসকলক শাও দিবলৈ বিলিয়মক ক্ৰয় কৰিলে। কিন্তু যিহোৱাই বিলিয়মক আশীৰ্ব্বাদ দিবলৈ বাধ্য কৰিলে। তেতিয়া মোৱাবীয়া আৰু মিদিয়নীয়া তিৰোতাবিলাকে ইস্ৰায়েলৰ পুৰুষসকলক ব্যভিচাৰ আৰু মূৰ্ত্তিপূজা কৰিবলৈ প্ৰলোভিত কৰিলে। পৰিণামস্বৰূপে যিহোৱা ঈশ্বৰে ২৪,০০০ জন অভিযুক্ত ব্যক্তিক ধ্বংস কৰিলে। ঈশ্বৰে যে বিবাদকাৰীক সহন নকৰে তাক পীনহচে কাৰ্য্যৰ যোগেদি প্ৰকাশ কৰাতহে যিহোৱাৰ ক্ৰোধ শান্ত হʼল।

দ্বিতীয়বাৰ জনসংখ্যা গণনাত যিহোচূৱা আৰু কালেবৰ বাহিৰে প্ৰথমবাৰ জনসংখ্যা গণনা কৰা সকলৰ কোনো এজনো জীয়াই নাথাকিল। যিহোচূৱাক মোচিৰ স্থানাধিকাৰী হʼবলৈ আজ্ঞা দিয়া হʼল। ইস্ৰায়েলসকলে বলিদান উৎসৰ্গ কৰা আৰু শপত খোৱাৰ সম্পৰ্কে বহুতো বিধি-ব্যৱস্থা লাভ কৰিলে। তদুপৰি ইস্ৰায়েলসকলে মিদিয়নীয়াসকলৰ ওপৰত প্ৰতিশোধ লʼলে। ৰূবেণ, গাদ আৰু মনচিৰ আধা ফৈদ্য যৰ্দ্দন নদীৰ পূবফালে বসতি কৰিব ধৰিলে। ইস্ৰায়েলসকলক যৰ্দ্দন নদী পাৰ হৈ দেশ দখল কৰিবলৈ আজ্ঞা দিয়া হʼল। তেওঁলোকে থকা দেশখনৰ পৰিসীমা বৰ্ণনা কৰা হʼল। সেই দেশখন লোটে উত্তৰাধিকাৰী হিচাবে পাবলৈ নিৰ্ণয় কৰিছিল। লেবীসকলক ৪৮ খন ভিন্ন নগৰত নিযুক্তি কৰা হʼল আৰু তাৰে ৬ খন আশ্ৰয়-নগৰ আছিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২২:২০-২২—বিলিয়মৰ অহিতে কিয় যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল? ইস্ৰায়েলসকলক শাও নিদিবলৈ যিহোৱা ঈশ্বৰে ভৱিষ্যতবক্তা বিলিয়মক কৈছিল। (গণনা পুস্তক ২২:১২) কিন্তু ভৱিষ্যতবক্তাজনে ইস্ৰায়েলসকলক শাও দিয়াৰ উদ্দেশ্যৰে বালাকৰ লোকসকলৰ ওচৰলৈ গৈছিল। বিলিয়মে মোৱাবীয়া ৰজাক সন্তুষ্ট কৰি তেওঁৰ পৰা উপহাৰ লাভ কৰিব বিচাৰিছিল। (২ পিতৰ ২:১৫, ১৬; যিহূদা ১১) কিন্তু ইস্ৰায়েলক শাও দিয়াৰ পৰিৱৰ্তে তেওঁ বাধ্য হৈ আশীৰ্ব্বাদ দিবলগীয়া হʼল। তেতিয়া তেওঁ ৰজাৰ অনুগ্ৰহ লাভ কৰিবলৈ বাল-দেৱতা উপাসনা কৰা স্ত্ৰীবিলাকক ব্যৱহাৰ কৰি ইস্ৰায়েলৰ পুৰুষবিলাকক প্ৰলোভন দিবলৈ পৰামৰ্শ আগবঢ়ালে। (গণনা পুস্তক ৩১:১৫, ১৬) ভৱিষ্যতবক্তা বিলিয়ম অসৎ লোভী হোৱাৰ বাবে তেওঁৰ অহিতে ঈশ্বৰৰ ক্ৰোধ প্ৰজ্জ্বলিত হৈছিল।

৩০:৬-৮—এজন খ্ৰীষ্টান পুৰুষে তেওঁৰ পত্নীক কৰা প্ৰতিজ্ঞা ভঙ্গ কৰিব পাৰেনে? প্ৰতিজ্ঞাৰ সম্পৰ্কে যিহোৱাই বৰ্তমান সময়ত তেওঁৰ উপাসকসকলৰ সৈতে ব্যক্তিগতভাৱে আচৰণ কৰে। উদাহৰণস্বৰূপে, সমৰ্পণ হৈছে ঈশ্বৰলৈ কৰা এটা ব্যক্তিগত প্ৰতিজ্ঞা। (গালাতীয়া ৬:৫) এতেকে এজন খ্ৰীষ্টান পুৰুষে তেওঁৰ পত্নীলৈ কৰা প্ৰতিজ্ঞাক ভঙ্গ বা ৰদ কৰাৰ কোনো অধিকাৰ নাই। এগৰাকী পত্নীয়ে তেনেদৰে কোনো প্ৰতিজ্ঞা নকৰে যি ঈশ্বৰৰ বাক্য বা তাইৰ স্বামীৰ প্ৰতি থকা কৰ্তব্যৰ বিপৰীত।

আমাৰ বাবে শিক্ষামূলক পাঠ:

২৫:১১. যিহোৱাৰ উপাসক পীনহচে আমাৰ বাবে কেনে এক উত্তম আৰ্হি ৰাখিলে! মণ্ডলীক পৰিষ্কাৰ কৰি ৰাখিবলৈ থকা আমাৰ আগ্ৰহকতাই আমাৰ কোনো এজনে গভীৰ অনৈতিক কাৰ্য্যত লিপ্ত হোৱা বুলি জানিব পাৰি অনতিপলমে খ্ৰীষ্টান প্ৰাচীনসকলক জনাবলৈ প্ৰেৰিত নকৰেনে?

৩৫:৯-২৯. অজানিতে কোনো এজনক হত্যা কৰা ব্যক্তিয়ে নিজৰ ঘৰৰ পৰা পলাই গৈ বহু সময় ধৰি আশ্ৰয়-নগৰত থাকিব লাগিব বুলি দিয়া ব্যৱস্থাৰ পৰা আমি শিকিব পাৰোঁ যে জীৱন হৈছে পবিত্ৰ আৰু আমি নিশ্চয়ে ইয়াৰ প্ৰতি সন্মান দেখুৱাব লাগে।

৩৫:৩৩. পৃথিৱীখন নিৰ্দোষী ব্যক্তিসকলৰ তেজেৰে দূষিত হৈ পৰিছে আৰু ইয়াক কেৱল নিৰ্দোষী ব্যক্তিসকলক হত্যা কৰা ব্যক্তিসকলৰ তেজৰ দ্বাৰাহে ক্ষতিপূৰণ কৰা হʼব। এতেকে যিহোৱাই দুষ্টলোকক পৃথিৱীৰ পৰা উচ্ছন্ন আৰু পৃথিৱীখনক এখন পৰমদেশলৈ ৰূপান্তৰিত কৰাটো কিমান যে উপযুক্ত হʼব!—হিতোপদেশ ২:২১, ২২; দানিয়েল ২:৪৪.

ঈশ্বৰৰ বাক্য কাৰ্য্যসাধক

যিহোৱা আৰু তেওঁ নিযুক্ত ব্যক্তিসকলৰ প্ৰতি আমি নিশ্চয়ে সন্মান দেখুৱা উচিত। গণনা পুস্তক কিতাপখনে এই সত্যতাৰ বিষয়ে স্পষ্টকৈ বুজাই দিছে। বৰ্তমান সময়ত মণ্ডলীত শান্তি আৰু ঐক্যতা বজাই ৰাখিবলৈ আমাৰ বাবে এইটো কিমান যে এক উত্তম উপদেশ!

গণনা পুস্তকত উল্লেখ কৰা বৰ্ণনাই দেখুৱাইছে যে যিসকলে তেওঁলোকৰ আধ্যাত্মিকতাক উপেক্ষা কৰে তেওঁলোকে কিমান সহজে ভুলকাৰ্য্য যেনে, ঈষৎ আপত্তি, অনৈতিকতা আৰু মূৰ্ত্তিপূজাৰ ফান্দত পৰিব পাৰে। বাইবেলৰ এই পুস্তকখনত দিয়া কিছুমান উদাহৰণ আৰু উপদেশ যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীৰ সেৱা সভাত স্থানীয় আৱশ্যকতাসমূহত ব্যৱহাৰ কৰিব পাৰে। বাস্তৱতে “ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক।”—ইব্ৰী ৪:১২. (w04 8/1)