Skip to content

Skip to table of contents

পাঠ ১

যিহোৱাৰ সাক্ষীসকল কেনেধৰণৰ লোক?

যিহোৱাৰ সাক্ষীসকল কেনেধৰণৰ লোক?

ডেনমাৰ্ক

টাইৱান

ভেনিজুৱেলা

ভাৰত

আপুনি কেইজন যিহোৱাৰ সাক্ষীক চিনি পায়? তেওঁলোক হয়তো আপোনাৰ ওচৰ-চুবুৰীয়া, সহকৰ্মী বা স্কুল-কলেজত পঢ়া সহপাঠী হ’ব পাৰে। ইয়াৰ উপৰিও আপুনি হয়তো আমাৰ লগত বাইবেলৰপৰা আলোচনা কৰিছে। প্ৰকৃততে আমি কোন হওঁ আৰু কিয় সকলোকে আমাৰ বিশ্বাসৰ বিষয়ে জনাওঁ?

আপোনালোকৰ দৰে আমিও সাধাৰণ লোক। আমি বিভিন্ন পৃষ্ঠভূমি আৰু সামাজিক পৰিস্থিতিৰপৰা আহিছোঁ। আমাৰ কিছুমানে ইয়াৰ আগতে আন ধৰ্ম পালন কৰিছিল আৰু আন কিছুমানে ঈশ্বৰক একেবাৰে বিশ্বাসেই কৰা নাছিল। এজন যিহোৱাৰ সাক্ষী হোৱাৰ আগতে আমি সকলোৱে বাইবেলৰ শিক্ষাবোৰ গভীৰভাৱে পৰীক্ষা কৰিবলৈ যথেষ্ট সময় অতিবাহিত কৰিছিলোঁ। (পাঁচনিৰ কৰ্ম্ম ১৭:১১) আমি শিকা কথাবোৰ সন্মত হোৱাৰ পাছত, আমি যিহোৱা ঈশ্বৰক উপাসনা কৰিবলৈ ব্যক্তিগতভাৱে নিৰ্ণয় লওঁ।

বাইবেলৰপৰা অধ্যয়ন কৰি আমি লাভৱান হৈছোঁ। আন লোকসকলৰ দৰে আমিও সমস্যা আৰু নিজৰ দুৰ্ব্বলতাবোৰৰ সন্মুখীন হওঁ। কিন্তু আমি আমাৰ দৈনন্দিন জীৱনত বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰাৰ যোগেদি, আমাৰ জীৱনত পৰিৱৰ্ত্তন দেখিবলৈ পাওঁ। (গীতমালা ১২৮:১, ২) আমি বাইবেলৰপৰা শিকা ভাল কথাবোৰ আনক জনোৱাৰ এয়া হৈছে এটা কাৰণ।

ঈশ্বৰে নিৰ্ধাৰিত কৰা নিয়ম অনুসৰি আমি জীৱন নিৰ্বাহ কৰোঁ। বাইবেলত পোৱা এই নিয়মবোৰে আমাৰ ভালৰ বাবে বৰঙণি আগবঢ়ায়। আনক সন্মান কৰিবলৈ, ন্যায়পৰায়ণ আৰু নম্ৰ হ’বলৈ সহায় কৰে। বাইবেলৰ এই নিয়মবোৰে এজন ব্যক্তিক সমাজৰ এজন ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ, পৰিয়ালত একতা আৰু নৈতিকতা বজাই ৰাখিবলৈ সহায় কৰে। আমি নিশ্চিত যে “ঈশ্বৰ পক্ষপাতী নহয়” আৰু সেইবাবে আমি জাতি বা ৰাজনৈতিকৰ কোনো বাধা নোহোৱা এক আন্তৰাষ্ট্ৰীয় আত্মিক পৰিয়ালৰ সদস্য। ব্যক্তিগতভাৱে যদিও আমি সাধাৰণ লোক, কিন্তু এক সমূহ হিচাপে আমি একেবাৰে ভিন্ন।—পাঁচনিৰ কৰ্ম্ম ৪:১৩; ১০:৩৪, ৩৫.

  • কি বিষয়বোৰত যিহোৱাৰ সাক্ষী আৰু আন লোকসকলৰ লগত মিল আছে?

  • বাইবেলৰপৰা অধ্যয়ন কৰি যিহোৱাৰ সাক্ষীসকলে কি নিয়মবোৰৰ বিষয়ে শিকিছে?