Skip to content

Skip to table of contents

সতৰ্ক হৈ থাকক!

স্কুলত গুলি চালনা—বাইবেলত কি লিখা আছে?

স্কুলত গুলি চালনা—বাইবেলত কি লিখা আছে?

 ২০২২ চনৰ ২৪ মেʼত আমেৰিকাৰ টেক্সেছ ৰাজ্যৰ উভালডে নামৰ এখন সৰু চহৰত এটা দুখজনক ঘটনা ঘটিছিল। দ্যা নিউ য়ৰ্ক টাইমচ কাকতৰ অনুসৰি ‘এজন ব্যক্তিয়ে ৰʼব এলিমেনটেৰী স্কুলত ১৯ জন লʼৰা-ছোৱালী আৰু দুজন শিক্ষকক গুলি মাৰি হত্যা কৰিছিল।’

 দুখৰ বিষয় যে এনেধৰণৰ ঘটনা প্ৰায়ে ঘটি থাকে। ইউএছএ টুডে নামৰ কাকতৰ অনুসৰি কেৱল আমেৰিকাতে “যোৱা বছৰ স্কুলত ২৪৯ টা গুলি চালনাৰ ঘটনা ঘটিছিল। ১৯৭০ চনৰ পৰা এতিয়ালৈকে এবছৰতে ইমানটা ঘটনা ঘটা নাছিল।”

 এনেধৰণৰ ভয়ানক ঘটনা কিয় ঘটে? এইবোৰ আমি কেনেকৈ সন্মুখীন হʼব পাৰোঁ? এনেধৰণৰ অপৰাধ বা হিংসাত্মক কাৰ্য্য কেতিয়াবা শেষ হʼব নে? এই প্ৰশ্নবোৰৰ উত্তৰ বাইবেলত দিয়া আছে।

আজি পৃথিৱীত হিংসাত্মক কাৰ্য্য কিয় হৈ আছে?

  •    বাইবেলত লিখা আছে, “শেষ-কালত” বহুতোলোক “নিজকে প্ৰীতি কৰোঁতা” আৰু “প্ৰচণ্ড” হʼব। আজি আমি সেই সময়তে জীয়াই আছোঁ। সেইবাবে, বহুতোলোক নিৰ্দয় হৈ পৰিছে আৰু কোনো চিন্তা-ভাৱনা নকৰাকৈ আনক হত্যা কৰে। ইয়াৰ উপৰিও, বাইবেলত কোৱা হৈছে যে এনেধৰণৰ লোক “অধিক অধিককৈ মন্দ হৈ যাব।” (২ তীমথিয় ৩:১-৫, ১৩) এই বিষয়ে বেছিকৈ জানিবলৈ “আজি ইমান দুখ-কষ্ট কিয় হৈ আছে?” নামৰ হিন্দী লেখটো পঢ়ক।

 বহুতোলোকৰ মনত এই প্ৰশ্ন আহে, ‘স্কুলবোৰত ঈশ্বৰে গুলি চালনাৰ দৰে ভয়ানক ঘটনাবোৰ কিয় হʼবলৈ দিয়ে?’ ইয়াৰ উত্তৰ বাইবেলত দিয়া আছে। এই বিষয়ে জানিবলৈ “ভাল মানুহৰ লগত বেয়া ঘটনা কিয় ঘটে?” নামৰ হিন্দী লেখটো পঢ়ক।

এনেধৰণৰ দুখজনক ঘটনাবোৰৰ আমি কেনেকৈ সন্মুখীন হʼব পাৰোঁ?

  •    “আগেয়ে যি সকলো কথা লিখা হৈছিল, আমি . . . শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল।”—ৰোমীয়া ১৫:৪.

 এই হিংসাত্মক কাৰ্য্যবোৰৰ সন্মুখীন হʼবলৈ বাইবেলৰ পৰামৰ্শই আপোনাক সহায় কৰিব পাৰে। এই বিষয়ে বেছিকৈ জানিবলৈ “হিংসাত্মক কাৰ্য্য নোহোৱা পৰিস্থিতি সম্ভৱ নে?” নামৰ হিন্দী লেখটো পঢ়ক।

 এনেধৰণৰ খবৰ শুনি বা চাই লʼৰা-ছোৱালীয়ে বৰ ভয় খায়। এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে? এই বিষয়ে জানিবলৈ “ভাল সম্পৰ্ক ৰাখক” নামৰ হিন্দী লেখত “লʼৰা-ছোৱালীক বুজিবলৈ চেষ্টা কৰক আৰু সহায় কৰক” শীৰ্ষকৰ তলত দিয়া তথ্যবোৰ আৰু “ভয়ানক বাতৰি আৰু লʼৰা-ছোৱালী” নামৰ ইংৰাজী লেখটো পঢ়ক।

হিংসাত্মক কাৰ্য্য কেতিয়াবা শেষ হʼব নে?

  •    “অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ সিবিলাকৰ প্ৰাণ মুক্ত কৰিব।”—গীতমালা ৭২:১৪.

  •    “সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু নিজ নিজ বৰছা ভাঙি কলম দিয়া কটাৰী গঢ়াই লব। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধবিদ্যা আৰু নিশিকিব।”—মীখা ৪:৩.

 মানুহে কৰিব নোৱাৰা কাম ঈশ্বৰে কৰিব। তেওঁ নিজৰ ৰাজ্যৰ যোগেদি সকলো অস্ত্ৰ-শস্ত্ৰ ধ্বংস কৰিব আৰু সকলো হিংসাত্মক কাৰ্য্য নাইকিয়া কৰিব। ঈশ্বৰৰ ৰাজ্যই কি কৰিব, ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ “ঈশ্বৰৰ ৰাজ্যত চাৰিওফালে ‘প্ৰচুৰ শান্তি থাকিব’” নামৰ হিন্দী লেখটো পঢ়ক।